224 views

ভিজনাৰী ডেভলপমেন্ট ৱেলফেয়াৰ চ’চাটিৰ সপোন সাৰ্থক ৰূপত তুলি ধৰি ১মে, ২০২২ ইং তাৰিখ ৰবিবাৰে চামতা অঞ্চলত সুকলমে অনুষ্ঠিত হৈ যায় স্বেচ্চাসেৱী ৰক্তদান শিৱিৰ ৷ প্ৰায় ১৮২ জনলোকে ৰক্ত প্ৰদান কৰি স্থানীয় ৰক্ত ভাণ্ডাৰ চহকী কৰাৰ লগতে ইয়াৰ দ্বাৰা স্থানীয় লোক সকল উপকৃত হব বুলি আমি আশাবাদী ৷ শ্বহীদ মুকুন্দকাকতি অসামৰিক চিকিৎসালয় আৰু ১৩৬ নং ব্ৰেটেলিয়ান, চি.আৰ.পি.এফ ৰ সহযোগে এই শিৱিৰক অন্য এক মাত্ৰা প্ৰদান কৰে ৷ আমি আপোনাসৱৰ ওচৰত চিৰ কৃতজ্ঞ ৷ ইয়াৰ লগতে পশ্চিম নলবাৰী প্ৰেচ ক্লাৱ, জিলা প্ৰেচ ক্লাৱ আদিৰ লগতে যি সকলে আমাৰ এই কৰ্মত সহায় সহযোগিতা আগবঢ়াই আমাৰ এই অনুষ্ঠানটি সফল হোৱাত সহায় কৰিলে আমি আপোনালোকলৈও জনাইছোঁ অশেষ কৃতজ্ঞতা ৷ চামতা বাসী ৰাইজৰ সহায় অবিহনে আমাৰ এই সলাগ তেনেই আধৰুৱা , চামতা বাসী ৰাইজৰ মৰম আৰু সহায়ৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰ ঋণী ৷
“ৰক্তদাতা“ , নেদেখা জনৰ দেৱদূতৰ যেন এক অন্য নাম ৷ যি সকল ৰক্তদাতাই নিজৰ দেহৰ মৃত সঞ্জীৱনী স্বৰূপ ৰক্ত প্ৰদানেৰে বহু পৰিয়ালত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিলে তেখেত সকলোলৈ আমি জনাইছোঁ অশেষ ধন্যবাদ, আপোনালোক সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘজীৱি হওঁক ৷ ইয়াৰ লগতে ভিজনাৰী ডেভলপমেন্ট ৱেলফেয়াৰ চ’চাইটিৰ যি সকল কৰ্মকৰ্তাৰ অপ্ৰাণ চেষ্ঠাৰ ফলশ্ৰুতিত এই ৰক্তদান শিৱিৰটো সুকলমে অনুষ্ঠিত হৈ যায় আমাৰ পৰা আপোনালোকলৈও জনাইছোঁ অশেষ ধন্যবাদ ৷

সকলো কুশলে থাকক, তাৰেই কামনাৰে…….
ভিজনাৰী ডেভলপমেন্ট ৱেলফেয়াৰ চ’চাইটি

Share