137 views

নাৰী দিৱসৰ দিনা আমি গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছিলো নলবাৰী জিলাৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৷ এক প্ৰৱল সংগ্ৰামৰ আত ধৰি আমি তাত উপস্থিত হৈছিলোঁ ৷ কভিড মহামাৰীয়ে জীৱন যাত্ৰা স্তব্ধ কৰি তোলা সময়টো নাৰ্চ সকলে কৰি গৈছিল নিজৰ কৰ্তব্য ৷সেই সময়ত কামত ওলাই অহাৰ পাছত তেখেত সকলেও জনা নাছিল ঘৰলৈ উভতি যাওঁতে তেখেত সকল কভিড পজিটিভ হৈ উভটিব নে নিগেটিভ হৈ ৷ যিখন বিছনাত তেখেতসকলে ৰোগীক সুশ্ৰুষা কৰিছিল কাইলৈ সেই বিছনাই তেখেতৰো সংগী হব পাৰে বুলি জানিওঁ তেখেতসকলে কৰি গৈছিল ৰোগীৰ শুশ্ৰুষা ৷

জীৱন মৰণৰ কাতৰ সময়ত সাহস হৈ ঠিয় দিয়া প্ৰতিগৰাকীলৈ নাৰ্চলৈ আমি উক্ত দিনত জনাইছিলোঁ নাৰী দিৱসৰ আন্তৰিক শুভকামনা …..

Share