Bhaskar Jyoti Haloi

CEO, Visionary Development Group

Visionary Development Group গঢ় লৈ উঠা এটি চালুকীয় অনুষ্ঠান। Vision যাৰ নামটোতে সোমাই আছে সকলো। লক্ষ্যহীন যাত্ৰা কেতিয়াও সফল হব নোৱাৰে। জীৱনত লক্ষ্য থাকিলেহে মানুহে আগুৱাই যাব পাৰে।এই VDG আৰম্ভ কৰোঁতেই মূলতঃ এটাই চিন্তা আছিল যে, নিজৰ হাত দুখন আৰু নিজৰ মন-মগজু আটাইকেইটাৰ সমহাৰেৰে VDG ৰ প্ৰতিজন সদস্যই উপভোক্তাকাৰী নহৈ সৃষ্টিকৰ্তা হওঁক আৰু নিজৰ লগতে সমাজৰ বাবে কিবা এটি কৰক।

ঔদ্যোগিক জগত খনেই হওঁক নাইবা Engineering Consultancy Service য়েই হওঁক নতুবা অসম চৰকাৰৰ লোকনিৰ্মান বিভাগৰ অধীনস্থ পথ তথা গৃহ নিৰ্মাণ বিভাগত VDG ৰ এক নিৰবিচ্ছিন্ন প্ৰচেষ্টা আৰম্ভণিৰ পৰাই অব্যাহত আছে, যাতে প্ৰতিটো বিভাগৰ মানদণ্ড সকলোতকৈ উন্নত হৈ আৰু উন্নত মানদণ্ডৰে আমি আগুৱাই যাব পাৰোঁ।

প্ৰতিটো উদ্যোগ আগবঢ়াই নিওঁতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছোঁ।সমস্যা থাকিবই, কিন্তু আমি ধৈৰ্য্য আৰু সাহসেৰে সেই সমস্যাৰ সন্মুখীন হৈ নিজকে আগুৱাই নিবই লাগিব।সমস্যাই আমাক নতুন পথৰ সন্ধান দিয়ে।

সমাজত নিবনুৱা সমস্যা গঢ় লৈ উঠিছে। চাকৰিমুখী প্ৰৱনতাৰ পৰা আমি নতুন পথৰ সন্ধান উলিয়াব লাগিব, নহলে এটা এনেকুৱা সময় আহিব যিটো সময়ত উপভোক্তাৰ সংখ্যা বাঢ়ি যাব, কিন্তু সৃষ্টিকাৰীৰ সংখ্যা নিম্নগামী হৈ গৈ থাকিব। নিজকে স্বাৱলম্বী হবলৈ শিকাব পৰাটোৱেই হব লাগিব আমাৰ মানসিকতা। ক্ৰমান্বয়ে কৰ্মসংস্থাপনৰ সংখ্যা বৃদ্ধি কৰি একৰ পৰা দহ, দহৰ পৰা এশ, এশৰ পৰা হাজাৰলৈ কৰ্মসংস্থাপনৰ লক্ষ্যৰে VDG হব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো Multi-Faceted Consortium । সামাজিক তথা কাৰিকৰী শিক্ষাৰে পৰিপুষ্ট হৈ নিজৰ সপোন আৰু লক্ষ্যৰে নিজক উদ্ভাসিত কৰাৰ এই পথাৰখনেই হৈছে, Visionary Development Group ।

সপোন, কৰ্ম আৰু লক্ষ্যক জীৱনৰ মূল মন্ত্র হিচাপে লৈ আগবাঢ়িলেই মানুহে গতি কৰে উচ্চৰ পৰা উচ্চতাৰ শিক্ষৰলৈ। ভক্তি, সাধনা আৰু কষ্টই মানুহক প্ৰদান কৰে মনুষ্যত্ব। এই মনুষ্যত্ব গুণেৰে সমৃদ্ধশালী হৈ বৰ্তমান প্ৰজন্মৰ লগতে আহিবলগীয়া প্ৰজন্মই হাতত হাত ধৰি একেলগে কাম কৰিবলৈ যত্নপৰ হোৱাটোৱেই হৈছে VDG ৰ মূল লক্ষ্য।

VDG কাকো পাছ পেলাবলৈ নহয়, নিজৰ পথত আগুৱাই যাবলৈহে দৃঢ়প্ৰতিজ্ঞ। ইচ্ছা, পৰিশ্ৰম আৰু কৃতকাৰ্যতা ! ইয়াৰে ইচ্ছা আমাৰ থাকিব লাগিব, পৰিশ্ৰম আমি কৰিব লাগিব, কৃতকাৰ্যতা আমাক ভগৱানে দিব। আমি মনত ৰাখিব লাগিব যে, কষ্টক জয় কৰি আগুৱাই যোৱাৰ নামেই হ’ল জীৱন।

প্ৰতিজন সদস্যক পুনৰ কওঁ যে, সপোন সদায় বহুত বেছি উচ্চাকাংক্ষী হব লাগে। কষ্ট অতুলনীয় হব লাগে, আৰু জীৱনশৈলী সাধাৰণ হব লাগে। তেতিয়াহে মানুহে বিচাৰি পায় সৃষ্টিকৰ্তা ভগবান। জীৱনত মানুহে ইমান কম কৰিব লাগে, যাতে মানুহজন জীয়াই নাথাকিলেও মৃত্যুৰ পাছত তাৰ তৰংগই আকাশ চুব পাৰে।

শেষত VDG ৰ লগত জড়িত প্ৰতিজন সদস্যক কওঁ, মই শব্দটোৰ পৰা আঁতৰি আমি হ’ম। আমাৰ বুদ্ধি সদায় কম সময়ত বেছি কাম কৰিবলৈ বা সহজে কৰিবলৈ হে ব্যৱহাৰ কৰিম, কৰ্মত ফাঁকি দিবলৈ নহয়।

পুনৰ আমাৰ প্ৰতিজন শুভাকাংক্ষীক VDG ৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। জীৱন দুদিনীয়া, কিন্তু বিশ্বাসবোৰ চিৰস্থায়ী। আমি আপোনালোকৰ ওচৰত সেই বিশ্বাসেৰেই আগুৱাই যাম, সেয়াই আমাৰ প্ৰতিশ্ৰুতি।

VDG ৰ প্ৰতিজন সদশস্যই সুখী আৰু আনন্দমুখৰ হওঁক, তাৰেই কামনাৰে……….